শৰ্মাজ স্পেশ্যেল বিলাহীৰ টক্
“অ’ পকা বিলাহী…” গানটোলৈ মনত পেলাই চাৰিটা ডাঙৰ,
ভালদৰে পকা বিলাহী চাৰিফালকৈ কাটি গুটিবোৰ গুচাই
ভালদৰে ধুই লওক৷ মধ্যমীয়া আকাৰৰ আদা এটুকুৰা পাতলকৈ
শ্লাইচ কৰি কাটি লওক৷ কেঁচা (পকা নহয়) জলকীয়া
চাৰিটামান দীঘল দীঘলকৈ মাজেৰে ফালি লওক৷
এতিয়া বিলাহী, আদা আৰু জলকীয়াখিনি এটা মাইক্ৰ’ৱেভপ্ৰুফ
পাত্ৰত লৈ মাইক্ৰ’ৱেভ অভেনত মাইক্ৰ’ ম’ডত ৯০০ ডিগ্ৰী
ছেলচিয়াছত চাৰি মিনিটমান সিজিবলৈ দিয়ক৷ তাৰ পিছত
পাত্ৰটো উলিয়াই গৰম বিলাহীখিনিৰ পৰা সাৱধানে বাকলিখিনি
গুচাই পেলাব৷ বিলাহীখিনি ঠাণ্ডা হ’বলৈ নিদিব কিন্তু৷
এতিয়া বিলাহীখিনি সৰু হেতা বা চামুচ এখনেৰে ভালদৰে
ফেনেকি লওক৷ একেবাৰে মিহি হৈ গ’লে তাত অলপ গুৰমিঠৈ দি
আকৌ অলপ লৰাই দিয়ক৷ তাৰপিছত বিলাহীখিনিৰ ওপৰত চাৰিটা
“মানধনীয়া”ৰ পাত ধুই এনেয়ে পাতি দিয়ক৷ পুনৰ আধামিনিটৰ
বাবে আগৰদৰে অভেনত দি দিয়ক৷
এতিয়া বিলাহীখিনি উলিয়াই তাত এমুঠি খিচ্মিছ্ আৰু
চাৰিটামান কাজুবাদাম গুৰি কৰি দি এবাৰ লৰাই পৰিবেশন
কৰক৷
২৬.০৯.১৫
